সমললৈ যাওক

শ্ৰীকান্ত জিচকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীকান্ত জিচকাৰ
ব্যক্তিগত তথ্য
জন্ম
পিকু

১৪ ছেপ্টেম্বৰ, ১৯৫৪
কাতোল, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ২ জুন, ২০০৪ (৪৯ বছৰ)
নাগপুৰ
ৰাষ্ট্ৰীয়তা ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ৰাজশ্ৰী জিচকাৰ
সন্তান

শ্ৰীকান্ত জিচকাৰ (ইংৰাজী: Shrikant Jichkar, মাৰাঠী: श्रीकांत जिचकार; ১৪ চেপ্টেম্বৰ ১৯৫৪ – ২ জুন ২০০৪) ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ ৪২খন বিশ্ববিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ২০টা ডিগ্ৰী অৰ্জন কৰিছিল।[1] তেওঁ এগৰাকী ৰাজনীতিবিদো আছিল, তেওঁ ২৬ বছৰ বয়সত দেশৰ আটাইতকৈ কমবয়সীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।[2]

জন্ম পৰিচয়

[সম্পাদনা কৰক]

১৯৫৪ চনৰ ১৪ চেপ্টেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ কাতোলত তেওঁৰ জন্ম হয়। তেওঁৰ পত্নীৰ নাম আছিল ৰাজশ্ৰী জিচকাৰ। তেওঁ দুই সন্তানৰ গৰাকী।

শিক্ষা জীৱন

[সম্পাদনা কৰক]

তেওঁৰ জীৱন আৰম্ভ হয় মেডিকেল ডাক্তৰৰ (MBBS আৰু MD নাগপুৰৰ পৰা) পৰা, তাৰ পিছত LLB কৰে লগতে আন্তঃৰ্জাতিক আইনতো স্নাতকোত্তৰ কৰে। বিজনেছ মেনেজমেণ্ট ডিপ্লোমা কৰাৰ লগতে তেওঁ MBA কৰে আৰু সাংবাদিকতা (B.Journ) কৰে। তেওঁ সংস্কৃতত ডি.লিট (Doctor of Literature) পাইছিল, ই বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী। তেওঁৰ প্ৰায়বোৰ ডিগ্ৰী ফাৰ্ষ্ট মেৰিটৰ সৈতে আছিল আৰু তেওঁ ডিগ্ৰীৰ সৈতে বহুকেইটা স্বৰ্ণপদকো লাভ কৰিছিল। ১৯৭৩ পৰা ১৯৯০ৰ ভিতৰত প্ৰতিটো শীত বা গ্ৰীষ্মত কালত তেওঁ ৪২খন বিশ্ববিদ্যালয়ত পৰীক্ষা দিছিল।[3]

১৯৭৮ চনত তেওঁ ভাৰতীয় লোকসেৱা (Indian Civil Service) পৰীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু আইপিএছ (Indian Police Service চমুকৈ IPS) ত নিৰ্বাচিত হৈছিল যদিও তেওঁ পদত্যাগ কৰিছিল। পুনৰ তেওঁ ভাৰতীয় লোকসেৱা (Indian Civil Service চমুকৈ ICS) পৰীক্ষাত অংশ লয় আৰু সফলতাৰে আইএএছ (Indian Administrative Services) -ত যোগ দিয়ে, যদিও তেওঁ চাৰি মাহৰ পিছত বিধানসভাৰ প্ৰাৰ্থীত্ব কৰাৰ মানসেৰে পদত্যাগ কৰে।[4] ১৯৮০ চনত তেওঁ মহাৰাষ্ট্ৰ বিধানসভাত নিৰ্বাচিত হয়। বিধায়ক হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৬ বছৰ, যিয়ে সেইসময়ৰ দেশৰ আটাইতকৈ কমবয়সীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তীকালত তেওঁ একেসময়তে ১৪টা দপ্তৰৰ মন্ত্ৰী আছিল।[5]

অন্যান্য কৰ্মৰাজি

[সম্পাদনা কৰক]

তেওঁৰ ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত পুথিভঁৰালত ৫২ হাজাৰৰো অধিক গ্ৰন্থ সংৰক্ষণ কৰিছিল। ডা° জিচকাৰক লিমকা বুক অফ ৰেকৰ্ডছ্‌য়ে ভাৰতৰ সৰ্বাধিক শিক্ষিত ব্যক্তিৰ শিৰোনাম দিছে।

জিচকাৰ এগৰাকী একাধাৰে শিক্ষাবিদ, চিত্ৰশিল্পী, পেচাদাৰী ফটোগ্ৰাফাৰ আৰু মঞ্চ অভিনেতাও আছিল। তেওঁ মহাৰাষ্ট্ৰ বিধানসভা (১৯৮২-৮৫), মহাৰাষ্ট্ৰ বিধান পৰিষদ (১৯৮৬-৯২) ৰ সদস্য আছিল আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। তেওঁ ভাৰতৰ ৰাজ্যসভাৰ সদস্য আছিল (১৯৯২-৯৮)।[6] তেওঁ ১৯৯২ চনত নাগপুৰত সন্দিপনি বিদ্যালয় (Sàndipani school) প্ৰতিষ্ঠা কৰিছিল।

তেওঁৰ ২০০৪ চনৰ ২ জুন তাৰিখে এক পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "With 20 degrees, Nagpur’s Dr Shrikant Jichkar was most qualified person in India" (en ভাষাত). Nation Next. Archived from the original on 2020-06-21. https://web.archive.org/web/20200621131558/https://nationnext.in/with-20-degrees-nagpurs-dr-shrikant-jichkar-was-most-qualified-person-in-india/। আহৰণ কৰা হৈছে: 2020-06-19. 
  2. "5 Facts You Should Know About Dr. Shrikant Jichkar, The Most Qualified Man In India" (en ভাষাত). The Story Pedia. http://www.thestorypedia.com/article/5-facts-know-dr-shrikant-jichkar-qualified-man-india/। আহৰণ কৰা হৈছে: 2020-06-18. 
  3. "This is the most educated person in India with 20 degrees : Listicles: Microfacts". indiatoday.intoday.in. Archived from the original on 5 December 2017. https://web.archive.org/web/20171205034312/http://indiatoday.intoday.in/education/story/shrikant-jichkar/1/893106.html। আহৰণ কৰা হৈছে: 18 July 2017. 
  4. http://www.indiatimes.com/news/india/this-is-the-story-of-shrikant-jichkar-the-man-who-had-20-degrees-from-42-universities-263216.html
  5. "At a Glance: Late Dr Shrikant Jichkar, India's one of the most learned politicians". http://www.indiatvnews.com/politics/national/at-glance-late-dr-shrikant-jichkar-india-most-qualified-person--18010.html। আহৰণ কৰা হৈছে: 18 July 2017. 
  6. "5 Facts You Should Know About Dr. Shrikant Jichkar, The Most Qualified Man In India". www.thestorypedia.com. http://www.thestorypedia.com/article/5-facts-know-dr-shrikant-jichkar-qualified-man-india/। আহৰণ কৰা হৈছে: 18 July 2017. 
  7. "With 20 degrees, Nagpur’s Dr Shrikant Jichkar was most qualified person in India" (en ভাষাত). Nation Next. Archived from the original on 2020-06-21. https://web.archive.org/web/20200621131558/https://nationnext.in/with-20-degrees-nagpurs-dr-shrikant-jichkar-was-most-qualified-person-in-india/। আহৰণ কৰা হৈছে: 2020-06-19.