২৪ ডিচেম্বৰ (ইংৰাজী : 24 December ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৩৫৮তম (অধিবৰ্ষ ত ৩৫৯তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৯৯৯ - ইণ্ডিয়ান এয়াৰলাইনছৰ উৰাজাহাজ ৮১৪খন কাঠমাণ্ডু (নেপাল ) আৰু দিল্লী (ভাৰত )ৰ মাজৰ ভাৰতীয় আকাশীপথত অপহৰণ কৰা হয়। ভাৰতীয় সময় অনুসৰি প্ৰায় সন্ধিয়া ০৫:৩০ বজাত ভাৰতীয় আকাশসীমাত প্ৰৱেশ কৰাৰ অলপ পিছতে হৰকত-উল-মুজাহিদীন[এ](এইচইউএম) ৰ পাঁচজন মুখাপিন্ধা পাকিস্তানী উগ্ৰপন্থীয়ে এই উৰাজাহাজখন অপহৰণ কৰে। অপহৰণকাৰীসকলে বিমানখন কেইবাটাও স্থানলৈ উৰা মাৰিবলৈ নিৰ্দেশ দিছিল অমৃতসৰ , লাহোৰ আৰু পাৰস্য উপসাগৰ পাৰ হৈ ডুবাই লৈ। অৱশেষত অপহৰণকাৰীসকলে বিমানখন আফগানিস্তান ৰ কান্দাহাৰ ত অৱতৰণ কৰিবলৈ বাধ্য হৈছিল যিটো সেই সময়ত তালিবানৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল। অপহৰণকাৰীসকলে ডুবাইত ১৭৬ জন যাত্ৰীৰ ২৭ জনক মুকলি কৰিছিল কিন্তু এজনক মাৰাত্মকভাৱে ছুৰিকাঘাত কৰি হত্যা কৰিছিল আৰু আন কেইবাজনো লোকক আহত কৰিছিল। ঘটনাটো ৩১ ডিচেম্বৰ ত ১৯০ জন জীৱিত লোকৰ মুক্তিৰ সৈতে সমাপ্ত হৈছিল (এজন যাত্ৰী নিহত হৈছে)।
২০১৪ - কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক মদন মোহন মালৱীয়ক ক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসমাৰিক সন্মান ভাৰতৰত্ন য়ে সন্মানিত কৰা হয়।
২০১৮ - প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বিজেপি ৰ প্ৰথমজন সভাপতি অটল বিহাৰী বাজপেয়ী ৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এশটকীয়া মুদ্ৰা উন্মোচন কৰে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে। মুদ্ৰাটোত ইংৰাজী আৰু দেৱান গিৰি দুয়োটা লিপিত অটল বিহাৰী বাজপেয়ীৰ নাম লিখা আছে। ৰূপ, তাম, নিকেলৰ আৰু জিংক সংমিশ্ৰণ কৰি নিৰ্মাণ কৰা মুদ্ৰাটোৰ ওজন ৩৫ গ্ৰাম। মুদ্ৰাটোৰ এটা পিঠিত অশোক স্তম্ভ আৰু আনটো পিঠিত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ প্ৰতিচ্ছবি থাকিব। ইয়াৰ উপৰি তদানীন্তন লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজন ৰ অধ্যক্ষতাত প্ৰতিচ্ছবি কমিটিয়ে লোকসভা ৰ চেন্ট্ৰেল হ'লত বাজপেয়ীৰ এখন লাইভ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে শ্যামা প্ৰসাদ মুখাৰ্জী ৰ পিছত বাজপেয়ী দ্বিতীয়গৰাকী জনসংঘৰ ব্যক্তি যাৰ লাইভ প্ৰতিচ্ছবি চেন্ট্ৰেল হ'লত আন সকলৰ মাজত থাকিব।
২০২২ - ড° সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। [ 1]
১৯০৬ - জেমছ হেডলি ছেজ , এগৰাকী ইংৰাজ লেখক আছিল। যদিও তেওঁৰ জন্মৰ নাম আছিল ৰেনে লজ ব্ৰাবাজন ৰেমণ্ড, তেওঁ জেমছ হেডলি চেজ, জেমছ এল ডচাৰ্টি, ৰেমণ্ড মাৰ্শ্বেল, আৰ ৰেমণ্ড আৰু এমব্ৰোছ গ্ৰাণ্টকে ধৰি তেওঁৰ বিভিন্ন ছদ্মনামৰ দ্বাৰা পাঠকসকলৰ মাজত পৰিচিত আছিল। তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰহস্যবাদী লেখকসকলৰ মাজৰ এজন আছিল। ৯০ টা শিৰোনামৰে গঠিত চেজৰ কেননে তেওঁক ইউৰোপ ত ৰহস্যবাদী লেখকৰ ৰজা হিচাপে খ্যাতি অৰ্জন কৰে। তেওঁ আন্তৰ্জাতিক ভাৱে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ লেখকসকলৰ মাজৰ এজন আছিল। আজিলৈকে তেওঁৰ ৫০ খন কিতাপৰ আধাৰত চলচ্চিত্ৰত নিৰ্মাণ কৰা হৈছে। মৃত্যু ৬ ফেব্ৰুৱাৰী , ১৯৮৫।
১৯২৪ - মহম্মদ ৰফি , এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁক ভাৰতীয় উপ-মহাদেশৰ অন্যতম মহান আৰু প্ৰভাৱশালী গায়ক হিচাপে গণ্য কৰা হয়। ৰফি তেওঁৰ বহুমুখী প্ৰতিভা আৰু কণ্ঠস্বৰৰ পৰিসৰৰ বাবে উল্লেখযোগ্য আছিল। তেওঁৰ কণ্ঠদান কৰা গীতবোৰ দেশপ্ৰেমমূলক, বিষাদৰ পৰা অত্যন্ত ৰোমান্টিক গীত, কাৱালীৰ পৰা গজল আৰু ভজনৰ পৰা শাস্ত্ৰীয় গীতলৈকে বিভিন্ন আছিল। চলচ্চিত্ৰ এখনৰ পৰ্দাত গীতটো লিপ-চিংক কৰা অভিনেতাজনৰ ব্যক্তিত্ব আৰু শৈলীত কণ্ঠ দান কৰাৰ ক্ষমতাৰ বাবে তেওঁ জনাজাত আছিল। তেওঁ ছয়টাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ২০০১ চনত হিৰো হোণ্ডা আৰু ষ্টাৰডাষ্ট আলোচনীৰ দ্বাৰা ৰফিক সহস্ৰাব্দৰ শ্ৰেষ্ঠ গায়ক উপাধিৰে সন্মানিত কৰা হয়। ২০১৩ চনত, ৰফিক চিএনএন-আইবিএনৰ জৰীপত হিন্দী চিনেমাৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠৰ বাবে ভোট দিয়া হৈছিল । মৃত্যু ৩১ জুলাই , ১৯৮০।
১৯৩৮ - সুপ্ৰভা দেৱী , অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা । গুৱাহাটী ৰ বেলতলা ৰাজপৰিয়ালৰ স্বৰ্গীয় দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ ৰ সৈতে বিবাহৰ পিছত তেওঁ কেইবাখনো চুপাৰহিট বাণিজ্যিক অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনা আৰু বিতৰণত তেওঁৰ স্বামীৰ সৈতে জড়িত আছিল। অসমীয়া চলচ্চিত্ৰ যোগ-বিয়োগ(১৯৭০), তৰামাই(১৯৭২), মৰমী(১৯৭৬), ৰাংঢালী(১৯৭৯) আৰু নয়নমণি (১৯৮৪) পৰিচালনাৰে তেওঁ প্ৰথম অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক হিচাপে পৰিগণিত হয়। অসমীয়া চলচ্চিত্ৰৰ প্ৰতি তেওঁৰ এই অৱদানৰ বাবে ১৯৮৫ চনত অসম চৰকাৰে সন্মানীয় শিল্পী দিৱস বঁটা প্ৰদান কৰে। মৃত্যু ১৪ জুন , ২০১১।
১৯৪২ - ইন্দ্ৰ বণিয়া , অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। জাহ্নু বৰুৱা পৰিচালিত হালধীয়া চৰাইয়ে বাওধান খায় ত তেওঁৰ আকৰ্ষণীয় অভিনয়ৰ জড়িয়তে তেওঁ ১৯৮৮ চনত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। বষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰা চুটি ছবি ফ্ৰীডম এট দ্য এজত বণিয়াই ৫৪ বছৰ ধৰি বিচাৰ নোহোৱাকৈ কাৰাবাস খাটি থকা মাচাং লালুঙকো চৰিত্ৰত সুন্দৰভাৱে ৰূপায়ন কৰিছিল। এগৰাকী দক্ষ ৰেডিঅ' শিল্পী হিচাপে ৰেডিঅ'ৰ নাটক গোবৰ্ধন চৰিত ত গোবৰৰ চৰিত্ৰত কৰা অভিনয় আজিলৈকে শ্ৰোতাসকলৰ মাজত জনপ্ৰিয় হৈ আছে। পুলক গগৈ পৰিচালিত ছবি খোজ ৰ জড়িয়তে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা বণিয়াই ৪০খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰলৈ অপৰিসীম অৱদানৰ স্বীকৃতি স্বৰূপে ২০১০ চনত অসম চৰকাৰে তেওঁক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰে। মৃত্যু ২৬ মাৰ্চ , ২০১৫।
১৯৫৬ - অনিল কাপুৰ , এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰযোজক।
১৯৭৩ - ষ্টিফেনি মেয়াৰ , আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক।
১৯৯৭ - নীৰজ চোপ্ৰা , ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছণ্ড বিষয়া।
↑ "Dr Surjya Hazarika Elected New President of Asam Sahitya Sabha" (en ভাষাত). প্ৰতিদিন টাইম. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/surjya-hazarika-president-asam-sahitya-sabha । আহৰণ কৰা হৈছে: 24 December 2022 .