১৪ নৱেম্বৰ (ইংৰাজী : 14 November ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৩১৮তম (অধিবৰ্ষ ত ৩১৯তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৮৯ - জৱাহৰলাল নেহৰু , ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী। ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
১৮৯১ - ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিং, ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ৰ জন্ম হয়। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
১৯২৪ - ৰোহিনী ভাটে, ভাৰতৰ অভিজ্ঞ কথক নৃত্যশিল্পী।
১৯৪১ - মামণি ৰয়ছম গোস্বামী , অসমীয়া সাহিত্যিক। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলী ৰ ৰামায়ণ ৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী